মুখৰ লালতিৰ আচৰিত ঔষধি গুণ Benefits of Saliva
লালতি (saliva)যিবোৰ মুখৰ পৰা ওলাই অহাৰ পিচত সচৰাচৰ আমি ঘিণ কৰো । আচৰিত যেন লাগিলেও এই ঘিণ লগা লালতি বিধ হেনো বিদেশৰ বজাৰত বহু দামত বিক্ৰী হয় । জানিব পৰা মতে লালতিৰ পৰা হেনো বহু মুল্যৱান ঔষধ প্ৰস্তুত কৰা হয় । প্ৰাকৃতিক দৃষ্টিভংগীত মানুহ আৰু আন জীৱ সমুহলৈ লক্ষ্য কৰিলে দেখা যায় ই সচাকৈয়ে ঔষধ (Medicine) । আয়ুৰ্বেদ শাস্ত্ৰতো লালতিক দৈনন্দিন জীৱনত এবিধ মহাহিতকাৰী ঔষধী হিচাবেই গন্য কৰা হয় ।
অকল আমিয়ে নহয় আজিৰ পৰা ৩০০০ বছৰ আগতে জন্ম গ্ৰহণ কৰা ঋষি বাগবতজীয়ে লালতিৰ ঔষধি গুণৰ বিষয়ে বহুত বৰ্ণনা কৰিছে, যিয়ে আপোনাৰ বহুতো ৰোগ দূৰ কৰিব পাৰে। লালতি গ্ৰন্থিৰ পৰা অনৰ্গল ওলোৱা এই বিজলুৱা পদাৰ্থ বিধে আমাৰ দেহত কি কি কাম কৰে আৰু ওষধী (Medicine) হিচাবে কেনেকৈ ইয়াক ব্যৱহাৰ কৰিব পাৰো তাৰ বিষয়ে কিছু জানো আহক - ৰাতিপুৱাৰ লালতি অমূল্য (Saliva is the precious body fluid )
চকু আৰু চৰ্মৰোগ নিৰাময়ত সহায়ক (Saliva helps in Eye and Skin Disease)
লগত পঢ়ক - বান্ধাকবিৰ পাত শৰীৰত লগাই পাওক আচৰিত লাভ ।
"Every effort has
been made to ensure the accuracy, timeliness and genuineness of the
information provided here. All the content here is given only for
reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."
ৰাতিপুৱাৰ লালতি অমূল্য (Saliva is the precious body fluid )
- খাদ্য বা পানীৰ হজম আৰু দেহত ৰোগ নহবলৈ আহাৰৰ লগত বা খোৱাৰ শেষত লগে লগে পানী নাখাব । এক বা দেৰ ঘন্টা পিচত বা খোৱাৰ ১ ঘন্টা আগত খাব পানী খাব । কুহুমীয়া গৰম পানী খাব আৰু পানী খাওতে লাহে লাহে খাব । এনে কৰিলে লালতিৰ সুফল তথা দেহত বাত পিত্ত কফৰ সন্তুলন বা ৰোগ আদিৰ উৎপত্তি নহয় ।
- ৰাতিপুৱা শুই উঠিয়েই ব্ৰাছ কৰাৰ আগত কুহুমী্যা গৰম পানী খোৱাতো দেহৰ বাবে অতি হিতকাৰী ।কাৰন শুই উঠি মুখ ধোৱাৰ আগমুহুৰ্তত মুখ খন লালতিৰ দ্বাৰা বিজলুৱা হৈ থাকে ।এই বিজলুৱা লালতি দেহৰ অতি হিতকাৰী ঔষধী গুনসম্পন্ন । শুই উঠি পানী খালে ই ঔষধী হিচাপে দেহৰ কামত লাগে । বেড টি হিচাবে লাল চাহো বেয়া নহয় ।কিন্তু মুখ ধোৱাৰ পিচত ঔষধী গুণ নাথাকে ।
স্বাস্থ্য সম্পৰ্কীয় টিপচ পাবলৈ আামাক Whatsappত জইন কৰক - ইয়াত ক্লিক কৰক
চকু আৰু চৰ্মৰোগ নিৰাময়ত সহায়ক (Saliva helps in Eye and Skin Disease)
- বাহি মুখৰ লালতি চকুত কাজল হিচাবে ঘহিলে চকুৰ দৃষ্টি শক্তিৰ লগতে চকুৰ নানা ৰোগ নিৰাময় হয় । ইয়াৰোপৰিও শালমইনা , কটাঘা ,খৰ আদি চালৰ নানান ৰোগ লালতিৰ দ্বাৰা আৰোগ্য হয় ।
- যদি আপোনাৰ চকুৰ তলত কলাদাগ পৰিছে তেন্তে সদায় ৰাতিপুৱা লালতি লগাই অলপ মালিচ কৰক । কিছুদিনৰ ভিতৰতে সুফল দেখা পাব ।
- যদি আপুনি দৈনিক ৰাতিপুৱাৰ লালতি ব্যৱহাৰ কৰে তেন্তে 6 - 8 মাহৰ ভিতৰত আপোনাৰ জ্বলা-পোৰা দাগ থাকিলে ই আঁতৰ হবলৈ ধৰে ।
- অন্য জীৱ্য়ো নিজে বা ইটোৱে সিটোক জিভাৰে চেলেকি কটা ঘা , চকু বা চালৰ ৰোগ ভাল কৰোৱাতো সচৰাচৰ আমি দেখা পাও ।মনত ৰাখিব বাহি মুখৰ ৰাতিপুৱাৰ প্ৰথম লালতিহে ঔষধ হিচাপে প্ৰযোজ্য ।
লগত পঢ়ক - বান্ধাকবিৰ পাত শৰীৰত লগাই পাওক আচৰিত লাভ ।
গতিকে আজিৰ পৰা সদায় ৰাতিপুৱা ব্ৰাছ নকৰাকৈ পানী খোৱা নিয়মীয়াকৈ আৰম্ভ কৰক আৰু আৰু ৰোগক বিদায় দিয়ক । লিখনিটো ভাল পালে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব ।
No comments:
Post a Comment