প্ৰায় সকলোৰে ঘৰত সহজে উপলব্ধ আদা হব পাৰে আপোনাৰ ঘৰৰ বহু সমস্যাৰ সমাধান । আয়ুৰ্বেদ শাস্ত্ৰত আদাৰ স্থান অতি গুৰুত্বপূৰ্ণ। প্ৰতিদিনে আদা ব্যৱহাৰ কৰিলে আপোনাৰ শৰীৰত বহুতো গুৰুতৰ পৰিৱৰ্তন দেখা পাব । কিছুদিনৰ ভিতৰতে আপুনি ইয়াৰ পাৰ্থক্য অনুভৱ কৰিব লাগিব।
পেশী বিষ(মাচলচ পেইন)ৰ সমাধান -
যদি ব্যায়াম কৰি আপোনাৰ Muscle Pain হৈছে, আদাৰ ব্যৱহাৰে ইয়াক উপশম কৰিব পাৰে। যদি ব্যায়ামৰ বাবে ব্যক্তি এজনৰ কিলাকুটিত বিষ হয়, প্ৰতিদিনে 2 গ্ৰাম আদাৰ সেৱন কৰিলে পেশীৰ বিষ হ্ৰাস হয় । যদিও আদাই তাৎক্ষনিকভাৱে প্ৰভাৱ নেদেখুৱায় কিন্তু ই পেশীৰ বিষ ক্ৰমান্বয়ে কম কৰাত সহায় কৰিব পাৰে ।
বমি বমি ভাব আতৰ কৰে
আদাৰ নিয়মীয়া ব্যৱহাৰে আপোনাক ওকালি অহা নাইবা বমি বমি ভাবৰ পৰা ৰক্ষা কৰে । লগতে কেমোথেৰাপী কৰি থকা কৰ্কট ৰোগীসকলক সকাহ দিব পাৰে। যদি গৰ্ভৱতী মহিলা এজনে ইয়াক ব্যৱহাৰ কৰিলে বমি বমি ভাব দূৰ কৰে। যদি আপুনি গৰ্ভধাৰণৰ সময়ত ইয়াক ব্যৱহাৰ কৰাৰ কথা ভাবিছে তেন্তে আপুনি ইয়াৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰে।
স্বাস্থ্য সম্পৰ্কীয় টিপচ পাবলৈ আামাক Whatsappত জইন কৰক - ইয়াত ক্লিক কৰক
গাঠি বিষত সকাহ
গাঁঠিত বিষ সচৰাচৰ মানুহৰ দেখা পোৱা যায় । এক লিটাৰ আদাৰ ৰসত 500 মিলী তিল তেল দিয়ক আৰু জুইত ৰান্ধক। যেতিয়া ৰস শুকাি কেৱল তেল ৰৈ যাব তেতিয়া তাক চেকি উলিয়াই লওক । শৰীৰত এই তেল মচি মালিচ কৰিলে গাঁঠিৰ বিষ আৰোগ্য হয় । লগতে কোৱা হয় যে আদা, মাষ্টিক(Mastic), দালচেনি আৰু তিল তেল মিহলি হ'লে কৰি লগালে অষ্টিওআৰ্থ্ৰাইটিছৰ বিষ উপশম লাভ কৰিব পাৰি ।
মাহেকীয়া সমস্যাৰ বিষত সকাহ
সকলো মহিলাই ঋতুস্ৰাৱৰ বিষৰ সৈতে যুজ দিব লগীয়া হয় । কোনোবাই কম, কোনোবাই অধিক। আদা পাউডাৰে ঋতুস্ৰাৱৰ বিষ হ্ৰাস কৰে কোৱা হয়। ঋতুস্ৰাৱৰ সময়ত দৈনিক এক গ্ৰাম আদা পাউডাৰ ব্যৱহাৰ কৰিলে ঋতুস্ৰাৱৰ বিষ উপশম হয় ।
আদা ব্যৱহাৰ কৰোতে মন কৰিবলগীয়া কিছু কথা
দুবছৰৰ তলৰ শিশুক আদা দিব নালাগে।সাধাৰণতে, প্ৰাপ্তবয়স্কসকলে দিনত 4 গ্ৰামতকৈ অধিক আদা লব নালাগে। ইয়াৰ ভিতৰত আছে ৰন্ধাত ব্যৱহৃত আদাও।আদা চাহ বনাবলৈ আপুনি শুকান বা সতেজ আদাৰ শিপা ব্যৱহাৰ কৰিব পাৰে আৰু দিনত দুইৰ পৰা তিনিবাৰ পান কৰিব পাৰে ।অত্যাধিক বিষত ফুলা হ্ৰাস কৰিবলৈ, আপুনি প্ৰতিদিনে প্ৰভাৱিত স্থানত কেইবাৰমান আদা তেলৰে মালিচ কৰিব পাৰে।আদা খোৱাৰ আন কিছু লাভালাভ
- ঠাণ্ডা লগাৰ সম্ভাৱনা হ্ৰাস কৰে
- হজম উন্নত কৰে
- তেজ পৰিষ্কাৰ কৰাত সহায় কৰে
সহজ ভাষাত আমি প্ৰস্তুত কৰা এই লিখনিৰ দ্বাৰা আপুনি আদাৰ ঔষধি গুণৰ সম্পূৰ্ণ সুবিধা ল'ব পাৰে, কিন্তু আদা ব্যৱহাৰ কৰাৰ আগতে বা ৰোগৰ বাবে আদা ব্যৱহাৰ কৰাৰ আগতে এজন আয়ৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ লওঁক।
"Every effort has
been made to ensure the accuracy, timeliness and genuineness of the
information provided here. All the content here is given only for
reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."
No comments:
Post a Comment