হিমন্তৰ ঘোষণা- ঘোচ দি চাকৰি লোৱা সকলোৰে যাব চাকৰি । Himanta About SI exam Scam - Dimpu Baruah

Latest Updates

Post Top Ad

Tuesday, September 29, 2020

হিমন্তৰ ঘোষণা- ঘোচ দি চাকৰি লোৱা সকলোৰে যাব চাকৰি । Himanta About SI exam Scam

Himanta About SI exam Scam Scam

এছ আইৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ অৱশেষত মুখ খুলিলে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মনকৰিবলগীয়া যে এই ক্ষেত্ৰত সাঙোৰ খাই পৰিছে প্ৰাক্তন আৰক্ষীকে ধৰি বিজেপি নেতাৰ নাম । 
Himanta About SI exam Scam Scamসাংবাদিকে বিজেপি নেতা দিবন ডেকাৰ বিষয়ে প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে কয়, ‘দালাল বিলাক আমাৰ পাৰ্টীৰ মানুহ নহয়। দিবন ডেকাই ২০১১ চনতে নিৰ্বাচন খেলিছিল। ২০১১ ৰ কথা কোনে মনত ৰাখিছে। এই কথাবিলাকৰ পাৰ্টীৰ লগত কোনোধৰণৰ সম্পৰ্ক নাই। মই বিজেপিত ইমান দিন আছো কেতিয়াও তেনেকুৱা ব্যক্তিক দেখা নাই। মই ৬ বছৰত বিজেপি অফিচত তেনেকুৱা ব্যক্তি দেখা নাই। আপোনালোক সংবাদমাধ্যমৰ মানুহে জানো তেওঁক দেখিছে?'
 
ইফালে প্ৰশ্ন কাকত ফাদিলৰ নৈতিক দায়িত্ব লৈ মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰি কয়  ‘১৫ নবেম্বৰৰ ভিতৰত এছ আইৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। ইমান সুন্দৰকৈ পৰীক্ষা অনুষ্ঠিত হ’ব যে সৰু বস্তু এটাও সোমাব নোৱাৰিব।' তাৎপয্যপূৰ্ণভাৱে, বক্ৰ পথৰে চাকৰি লোৱা সকলোৱে চাকৰি হেৰুৱাব বুলি তেওঁ ঘোষণা কৰে। তেওঁ কয় ‘প্ৰয়োজন সাপেক্ষে চাকৰি কৰি থকা মানুহৰো চাকৰি যাব। যদি বক্ৰ পথৰে চাকৰি লৈছে তেনে নিযুক্তি পোৱাসকলৰো চাকৰি যাব।‘

লগতে পঢ়ক- অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগত মুকলি ১৩৩ টা পদত চাকৰি । অৰ্হতা- মেট্ৰিক পাছৰ পৰা ।

No comments:

Post a Comment

close