জিঅৰ নতুন ঘোষণা - ভৰিব নালাগে অতিৰিক্ত ৬ পইচা প্ৰতি মিনিট ! পিছে কোনে ? Reliance Jio New Update on Call CHarge - Dimpu Baruah

Hot

Post Top Ad

Friday, October 11, 2019

জিঅৰ নতুন ঘোষণা - ভৰিব নালাগে অতিৰিক্ত ৬ পইচা প্ৰতি মিনিট ! পিছে কোনে ? Reliance Jio New Update on Call CHarge

কিছুদিন আগতে ৯ অক্টোবৰত ৰিলাইন্স জিঅই ঘোষণা কৰিছিল যে জিঅ’ৰ গ্ৰাহকে ১০ অক্টোৱৰৰ পৰা আন নেটৱৰ্কৰ নম্বৰলৈ কল কৰিলে প্ৰতি মিনিটত ৬ পইচাকৈ ইণ্টাৰকানেক্ট ইউজেছ চাৰ্জ হিচাপে ভৰিব লাগিব । পিছে জিঅৰ শেহতীয়া এক আপডেটে সকাহ দিছে কিছু গ্ৰাহকক। এইসকল গ্ৰাহকে দিব নালাগে প্ৰতি মিনিটত ৬ পইচাকৈ ইণ্টাৰকানেক্ট ইউজেছ চাৰ্জ । কোন এই গ্ৰাহকসকল জানিবলৈ আমাৰ এই লিখনিটো পঢ়ক ।


টুইটাৰযোগে গ্ৰাহকসকলৰ বাবে ৰিলায়েঞ্চ জিঅই আন এক ঘোষণা কৰে । । যিসকল গ্ৰাহকে ৯ অক্টোবৰ বা তাৰ পূৰ্বে কোনো ৰিচাৰ্জ কৰিছে( অৰ্থাৎ ৯ অক্টোৱৰৰ আগত যদি আপুনি ১৪৯/৩৪৯/৩৯৯ আদি) তেওঁলোকে সেই ৰিচাৰ্জ প্লেন শেষ নোহোৱালৈকে আন নেটৱৰ্কৰ নম্বৰলৈও বিনামূলীয়াকৈ কল কৰিব পাৰিব। যেতিয়া আপোনাৰ সেই প্লেন শেষ হ’ব তেতিয়াহে আপুনি নন জিঅ’ ইউজাৰ অৰ্থাৎ আন নেটৱৰ্কৰ নম্বৰলৈ কল কৰিবলৈ ভৰিব লাগিব প্ৰতি মিনিটত ৬ পইচাকৈ। টুইটাৰযোগে ৰিলায়েঞ্চ জিঅ’ই জনোৱা এই ঘোষণাই কিছু পৰিমাণে সহাক দিছে জিঅ গ্ৰাহকসকলক ।


মনকৰিবলগীয়া যে সকলোকে আচৰিত কৰি ৯ অক্টোবৰত ৰিলায়েঞ্চ জিঅ’ই ঘোষণা কৰিছিল যে এতিয়া জিঅ’ৰ গ্ৰাহকে আন নেটৱৰ্কৰ নম্বৰলৈ কল কৰিলে প্ৰতি মিনিটত ৬ পইচাকৈ ইণ্টাৰকানেক্ট ইউজেছ চাৰ্জ ভৰিব লাগিব । ইয়াৰ বাবে গ্ৰাহকসকলে ১০, ২০, ৫০ আৰু ১০০ টকাৰ টপআপ কৰিব লাগিব বুলি জিঅই জনাইছিল ।

2 comments:

  1. Hey try my new blogging site please : https://www.assamblog.ml

    ReplyDelete
  2. Invitation:
    Please come here and please post guest blogs on my site
    All about Assam & its Culture

    ReplyDelete

close