কাপোৰৰ দৰে দল সলাই আপুনি ! ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত হিমন্তক থকাসৰকা কৰিলে কোনে ? HIMANTA BISWA SARMA ON LIVE DEBATE - Dimpu Baruah

Latest Updates

Post Top Ad

Thursday, October 24, 2019

কাপোৰৰ দৰে দল সলাই আপুনি ! ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত হিমন্তক থকাসৰকা কৰিলে কোনে ? HIMANTA BISWA SARMA ON LIVE DEBATE

ৰাষ্ট্ৰীয় সংবাদ আজটকত অনুষ্ঠিত এক টক শ্বত অংশগ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মাক তীক্ষ্ম বাক্যবানৰে থকাসৰকা কৰে এজন চিপিআইৰ নেতাই । উল্লেখযোগ্য এই যে অসম চৰকাৰে দুজনৰ অধিক সন্তান থকাসকলে চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হব বুলি ঘোষণা কৰা বিষয়ক লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আজ টকত এখন টক শ্বৰ আয়োজন কৰা হৈছিল । তাত ভাগ লৈছিল অসমৰ প্ৰভাৱশালী নেতা হিমন্ত বিশ্ব শৰ্মাই ।


আলোচনাৰ সময়চোৱাত চিপিআইৰ নেতা এগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীৰ কথাত ভাৰতীয় জনতাই বিশ্বাস নকৰে বুলি কয় । তাৰ উত্তৰত হিমন্ত বিশ্বই চিপিআইৰ কথা ভাৰতীয় জনতাই বিশ্বাস কৰে নেকি বুলি প্ৰশ্ন কৰে । ইয়াতেই ক্ষুন্ন হৈ পৰে চিপিআইৰ নেতা গৰাকী ।
চিপিআই নেতাগৰাকীয়ে হিমন্ত বিশ্বক কয় "আপোনাৰ ইতিহাস জনা আছে । আপুনি কাপোৰৰ দৰে দল সলনি কৰে । আগতে কংগ্ৰেছৰ জয়গান গোৱা আপুনি এতিয়া বিজেপি বন্দনাত ব্যস্ত । "

এইদৰে হিমন্ত বিশ্বক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক থকাসৰকা কৰে চিপিআইৰ নেতাগৰাকীয়ে ।

No comments:

Post a Comment

close