অসম টেট ২০১৯ৰ অনলাইন আবেদন আৰম্ভ - পঢ়ক কিদৰে কৰিব আবেদন Assam TET 2019 Online Apply - Dimpu Baruah

Hot

Post Top Ad

Saturday, August 31, 2019

অসম টেট ২০১৯ৰ অনলাইন আবেদন আৰম্ভ - পঢ়ক কিদৰে কৰিব আবেদন Assam TET 2019 Online Apply

অৱশেষত দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত অসম চৰকাৰৰ শিক্ষা বিভাগে মুকলি কৰিলে টেট-২০১৯ ৰ অফিচিয়েল বিজ্ঞাপন । কত কিদৰে কেনেকৈ আবেদন কৰিব আৰু আবেদন কৰাৰ নিম্নতম অৰ্হতা কি সকলোবোৰ আজি আমি আলোচনা কৰিম ।

টেট পৰীক্ষাৰ দিন - ২০ অক্টোৱৰ, ২০১৯ 
টেট আবেদন আৰম্ভৰ দিন - ২ চেপ্তেম্বৰ,২০১৯


অৰ্হতা

আবেদন কৰিবলৈ প্ৰাৰ্থীজন অসমৰ স্থায়ী বাসিন্দা হব লাগিব । 
প্ৰাৰ্থীজনৰ নিম্নোক্ত শিক্ষাগত অৰ্হতা থাকিব লাগিব - 
নিম্ন প্ৰাৰ্থমিক বিদ্যালয়ৰ বাবে
  • হায়াৰ চেকেণ্ডেৰী ৫০ শতাংশ নম্বৰৰ লগতে ২ বছৰীয়া Diploma in Elementary Education ( ডিএলএড) নাইবা 
  • হায়াৰ চেকেণ্ডেৰী ৫০ শতাংশ নম্বৰৰ লগতে ৪ বছৰীয়া Bachelor of Elementary Education (B.El.Ed) ( বিএড) নাইবা
  • গ্ৰেডুৱেট লগতে ২ বছৰীয়া Diploma in Elementary Education ( ডিএলএড) । 
উচ্চ প্ৰাৰ্থমিক বিদ্যালয়ৰ বাবে
  • গ্ৰেডুৱেট লগতে ২ বছৰীয়া Diploma in Elementary Education ( ডিএলএড) ।  
  • গ্ৰেডুৱেট ৫০ শতাংশ নম্বৰৰ লগতে ১ বছৰীয়া Bachelor of Elementary Education (B.El.Ed) ( বিএড)।
  • হায়াৰ চেকেণ্ডেৰী ৫০ শতাংশ নম্বৰৰ লগতে ৪ বছৰীয়া  Bachelor of Elementary Education (B.El.Ed) ( বিএড)।
  • হায়াৰ ছেকেণ্ডেৰী ৫০ শতাংশ নম্বৰৰ লগতে ৪ বছৰীয়া B.A./B. Sc. Ed. Or B.A. Ed/B. Sc. Ed.
বহুতৰে মনলৈ অহা প্ৰশ্নটো হৈছে DELED বা BED নাথাকিলে আবেদন কৰিব পাৰিব নে নাই ? উত্তৰ হৈছে পাৰিব কিন্তু আপুনি DELED বা BED পঢ়ি আছো বুলি দেখুৱাব লাগিব ।
অধিক জানিবলৈ বিজ্ঞাপন ডাউনলোড কৰক- DOWNLOAD
ৰেহাই - SC/ST/OBC/MOBC/PWD (PH) ৰ বাবে ৫ শতাংশ নম্বৰ ৰেহাই ।


টেট পৰীক্ষা

আবেদনকাৰীসকলে ১৫০ মিনিটৰ PAPER 1 (নিম্ন প্ৰাৰ্থমিক বিদ্য়ালয়ৰ বাবে) আৰু  PAPER 2 (উচ্চ প্ৰাৰ্থমিক বিদ্য়ালয়ৰ বাবে)  পৰীক্ষা দিব লাগিব । যিসকলে পৰীক্ষাত ৬০% নম্বৰ লাভ কৰিব তেঁওলোক টেট উৰ্ত্তীণ বুলি ধৰা হব ।

পৰীক্ষাৰ মাধ্যম -

Assamese, Bengali, Bodo, Hindi, English

আবেদনৰ মাচুল

PAPER 1ৰ বাবে ৩৫০ আৰু PAPER2 ৰ বাবে ৩৫০ টকা আবেদন মাচুল দিব লাগিব । SC/ST/OBC/MOBC/PWD (PH) ৰ বাবে ৫০ টকা ৰেহাই ।
পৰীক্ষাত কোনো ধৰণৰ Negative Marking নাথাকে ।

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব ।অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে । আমি আপোনাৰ সুবিধাৰ্থে চমুকৈ টেট আবেদনৰ বিষয়ে জনালো । আবেদন কৰাৰ আগতে সম্পূৰ্ণ বিজ্ঞাপন পঢ়ি লোৱাটো আপোনাৰ দায়িত্ব ।
অনলাইন আবেদনৰ অন্তিম দিন - ১৭ চেপ্তেম্বৰ
এডমিট কাৰ্ড মুকলি - ৩০ চেপ্তেম্বৰ, ২০১৯

সম্পৰ্ণ বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - CLICK HERE

আবেদন কৰিবলৈ ক্লিক কৰক - APPLY NOW 1    APPLY NOW 2



LP চিলেবাচ ডাউনলোড কৰিবলৈ ক্লিক কৰক - DOWNLOAD(LP)

UP চিলেবাচ ডাউনলোড কৰিবলৈ ক্লিক কৰক - DOWNLOAD(UP)

বহুতৰে মনলৈ অহা প্ৰশ্নটো হৈছে DELED বা BED নাথাকিলে আবেদন কৰিব পাৰিব নে নাই ? উত্তৰ হৈছে পাৰিব কিন্তু আপুনি DELED বা BED পঢ়ি আছো বুলি দেখুৱাব লাগিব ।কিন্তু এটা কথা স্পষ্ট টেট পাছ কৰিলেও শিক্ষকৰ পদত আবেদন কৰিলে ডিএলএড বা বিএড লাগিব ।

10 comments:

  1. ডিএলএড সম্পূৰ্ণ নহলেও আবেদন কৰিব পাৰিব নে নাই সেইয়া স্পষ্ট নহয় । ২ চেপ্তেম্বৰত যেতিয়া অনলাইন আবেদন মুকলি হব তেতিয়াহে এই কথাটো জানিব পৰা যাব । কিন্তু এটা কথা স্পষ্ট টেট পাছ কৰিলেও শিক্ষকৰ পদত আবেদন কৰিলে ডিএলএড বা বিএড লাগিব ।

    ReplyDelete
  2. ডিএলএড সম্পূৰ্ণ নহলেও আবেদন কৰিব পৰা যাব নে

    ReplyDelete
  3. D.el.ed pass korilu marksheet aha ni parim ne

    ReplyDelete
  4. Moi DELEd kora a nai parim ne apply koribo

    ReplyDelete
  5. Our new Assamese blogging site
    https://wwww.assamblog.ml/

    ReplyDelete

close