ZOMATOত মুছলমান যুৱকে খাদ্য দিবলৈ অহাৰ বাবেই গ্ৰাহকে ওভোটাই পঠিয়ালে খাদ্য - Dimpu Baruah

Latest Updates

Post Top Ad

Wednesday, July 31, 2019

ZOMATOত মুছলমান যুৱকে খাদ্য দিবলৈ অহাৰ বাবেই গ্ৰাহকে ওভোটাই পঠিয়ালে খাদ্য

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে সমাজৰ উচ্চ-নীচ ব্যৱস্থাটোক মাৰিব লাগে বুলি কৈ বিতৰ্কৰ সূচনা কৰিছিল । ইয়াৰ পাছতেই এইবাৰ এজন ব্যক্তিয়ে অনলাইন খাদ্যৰ ৱেবচাইট Zomatoৰ জৰিয়তে অৰ্ডাৰ কৰা খাদ্য , এজন মুছলিম সম্প্ৰদায়ৰ যুৱকে ডেলিভাৰী দিবলৈ অহাত তাৎক্ষণিকভাৱে তেওঁ নিজৰ অৰ্ডাৰ কেঞ্চেল কৰাৰ ঘটনা পোহৰলৈ আহিছে। আৰু তাৰপাছতেই চচিয়েল মিডিয়াত আৰম্ভ হৈছে বিতৰ্ক ।

ঘটনাটো হৈছে মধ্য প্ৰদেশৰ যবলপুৰৰ। যবলপুৰৰ অমিত শুক্লা নামৰ এজন ব্যক্তিয়ে Zomatotৰ জৰিয়তে খাদ্যৰ অৰ্ডাৰ দিছিল। সেই অনুসৰি Zomato ৰ ডেলিভাৰী বয় ফেইয়াজ নামৰ এজন যুৱকে অমিত শুক্লাৰ খাদ্য লৈ গ্ৰাহকৰ ঘৰত গৈ উপস্থিত হয় ।

ইয়াৰ পিছতেই অমিত শুক্লাই এজন মুছলমান সম্প্ৰদায়ৰ যুৱকে তেওঁক খাদ্য দিবলৈ অহাৰ কথা গম পাই তাৎক্ষণিকভাৱে নিজৰ অৰ্ডাৰ Cancel কৰে। 

অমিত শুক্লাই লগে লগে Zomato Chat ত অন্য হিন্দু ডেলিভাৰী বয়ৰ জৰিয়তে তেওঁৰ খাদ্য পঠিয়াবলৈ অনুৰোধ কৰে। আৰু তেতিয়াই Zomatoৰ ফালৰ পৰা কিয় বুলি প্ৰশ্ন কৰাত উত্তৰত শুক্লাই কয় যে, ‘এতিয়া শাওন মাহ সেয়েহে মই মুছলিম সম্প্ৰদায়ৰ যুৱকৰ হাতৰ পৰা ডেলিভাৰী ল’ব নিবিচাৰে।’ 


ইয়াৰ উত্তৰত Zomato কৰ্তৃপক্ষই খাদ্যত কোনো ধৰ্ম নাথাকে বুলি কৈ অমিত শুক্লাৰ অনুৰোধ নাকচ কৰে। তেতিয়া শুক্লাই খাদ্যৰ বিনিময়ত দিয়া ধন ঘূৰাই দিবলৈ কয়। আৰু সেই ধন ঘূৰাই দিয়াৰ ক্ষেত্ৰতে Zomato কৰ্তৃপক্ষই অমান্তি হয়।


পিছত এই বিষয়ত অমিত শুক্লাই টুইটো কৰে আৰু দুয়ো পক্ষৰে মাজত ছচিয়েল মিডিয়াত কিছু তৰ্কাতৰ্কি হয়। এতিয়া বিষয়টো চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু ব্যাপক চৰ্চা লাভ কৰিছে। বহুতে Zomatoৰ এই পদক্ষেপক আদৰণী জনোৱা দেখা গৈছে ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close