অসমৰ আটাইতকৈ ধনী ৫ গৰাকী সাংসদ - Dimpu Baruah

Hot

Post Top Ad

Sunday, July 28, 2019

অসমৰ আটাইতকৈ ধনী ৫ গৰাকী সাংসদ

আজি আমি আপোনালোকক অসমৰ আটাইতকৈ ধনী ৫ গৰাকী সাংসদৰ বিষয়ে জনাম । শেহতীয়াকৈ হৈ যোৱা লোকসভা নিৰ্বাচনত বিজয়ী হোৱা সাংসদ কেইগৰাকীৰ ভিতৰত আটাইতকৈ ধনী সাংসদকেইজনৰ বিষয়ে জানিব পাৰিব । গতিকে আহক আগবাঢ়ো ।



৫. হৰেণ সিং বে

অসমৰ আটাইতকৈ ধনী সাংসদৰ ভিতৰত পঞ্চম নম্বৰত আছে হৰেণ সিং বে । তেখেত হৈছে ডিফু (কাৰ্বি আংলং) সমষ্টিৰ সাংসদ । তেখেতৰ শিক্ষাগত অৰ্হতা স্নাতক ডিগ্ৰী । তেখেতৰ মুঠ সম্পত্তি হৈছে 2,06,93,570 টকা ।

৪. ৰাজদ্বীপ ৰয়

চতুৰ্থ নম্বৰত আছে শিলচৰ সমষ্টিৰ সাংসদ ৰাজদ্বীপ ৰয় । নৱনিৰ্বাচিত সাংসদগৰাকী হৈছে স্নাতকোত্তৰ ডিগ্ৰীধাৰী । তেখেতৰ মুঠ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি হৈছে 2,99,01,767 টকা ।


৩. প্ৰদুৎ বৰদলৈ

অসমৰ আটাইতকৈ ধনী সাংসদৰ ভিতৰত তৃতীয় নম্বৰত আছে প্ৰদুৎ বৰদলৈ । তেখেত হৈছে নগাও লোকসভা সমষ্টিৰ সাংসদ । তেখেতৰ শিক্ষাগত অৰ্হতা স্নাতকোত্তৰ ডিগ্ৰীধাৰী । তেখেতৰ মুঠ সম্পত্তি হৈছে 7,41,43,272 টকা ।

২. কুইন ওজা

অসমৰ দ্বিতীয় নম্বৰত আছে গুৱাহাটী সমষ্টিৰ সাংসদ কুইন ওজা । নৱনিৰ্বাচিত সাংসদগৰাকী হৈছে দশম মান উৰ্ত্তীণ ( তেখেতৰ শিক্ষাগত অৰ্হতালৈ কিছু বিতৰ্ক আছে ) । তেখেতৰ মুঠ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি হৈছে 63,02,19,570 টকা । 



১. বদৰুদ্দিন আজমল

অসমৰ আটাইতকৈ ধনী সাংসদগৰাকী হৈছে বিখ্যাত ব্যৱসায়ী বদৰুদ্দিন আজমল । পুন: নিৰ্বাচিত এআইডিএফ সাংসদগৰাকী হৈছে ধুবুৰী সমষ্টিৰ সাংসদ । তেখেতৰ মুঠ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি হৈছে 78,80,64,044 টকা ।


উপৰুক্ত তথ্য়খিনি ভিডিঅ আকাৰত প্ৰকাশ কৰিছো । চাব পাৰে -

No comments:

Post a Comment

close