সাৱধান! FaceAppৰ জৰিয়তে বুঢ়াকালৰ ফটো আপলোড নকৰিব, হব পাৰে আপোনাৰ একাউন্ট হেক । - Dimpu Baruah

Hot

Post Top Ad

Thursday, July 18, 2019

সাৱধান! FaceAppৰ জৰিয়তে বুঢ়াকালৰ ফটো আপলোড নকৰিব, হব পাৰে আপোনাৰ একাউন্ট হেক ।


শেহতীয়াকৈ ভাইৰেল হৈছে ২০১৭ চনতে মুকলি কৰা এটি এপ FaceApp । এই এপটোৰ বৃদ্ধকালৰ ফিল্টাৰক লৈ  টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ফেচবুক সকলোতে মানুহে নিজৰ বৃদ্ধকালৰ ফটো শ্বেয়াৰ কৰি আছে। মানুহে Old Age ফিল্টাৰ ব্যৱহাৰ কৰি নিজৰ ফটো শ্বেয়াৰ কৰি আছে য’ত সকলোৱে নিজৰ নিজৰ ভৱিষ্য়তৰ বৃদ্ধৰূপ দেখাবলৈ যত্ন কৰিছে ।  কিন্তু ইয়াৰ মাজতে এপৰ টাৰ্মছ এণ্ড কণ্ডিছনছে গোপনীয়তাক লৈ এক ডাঙৰ শংকাৰ সৃষ্টি হৈছে । কি এই শংকা আৰু কিদৰে আপোনাৰ গোপনীয় তথ্য মুহুৰ্ত্তৰ ভিতৰতে কাৰোবাৰ হাতত বন্দী হব পাৰে সেইয়া আজি আমি আপোনাক জনাম ।

ইণ্ডিয়ান এক্সপ্ৰেছৰ খবৰৰ মতে ৰাছিয়াস্থিত ফেচএপে জনাইছে যে প্ৰদৰ্শন উন্নত কৰিবলৈ তেওঁলোকে ক্লাউডত ফটো সংৰক্ষণ কৰে কিন্তু তেওঁলোকে বেলেগ ফটো ফোনৰ পৰা লৈ ক্লাউডত ট্ৰান্সফাৰ নকৰে। টুইটাৰত বহু ইউজাৰে এপটোৰ চৰ্তাৱলীক লৈও প্ৰশ্ন তুলিচে। ইয়াত পোহৰলৈ আহিছে এক গম্ভীৰ বিষয় যে যদিহে আপুনি এপ ব্যৱহাৰ কৰে তেনেহ’লে আপুনি ফেচএপক আপোনাৰ ফটো যিকোনো ঠাইত আনকি বিজ্ঞাপনত ব্যৱহাৰ কৰাৰো অনুজ্ঞা প্ৰদান কৰে। তেনেক্ষেত্ৰত আপোনাৰ ফটোৰ ব্য়ৱহাৰ হ'লেও আপুনি একো কৰিব নোৱাৰে ।

ইফালে FaceAppৰ বিজ্ঞপ্তীত এটা কথা কোৱা হৈছে যে FaceApp য়ে ইউজাৰৰ ফটো ক্লাউডত সংৰক্ষণ কৰাৰ প্ৰধান কাৰণ পাৰফৰমেন্স আৰু ট্ৰেফিক। FaceApp য়ে এই কথা সুনিশ্চিত কৰিবলৈ চেষ্টা কৰিছে যে ইউজাৰে বাৰে বাৰে নিজৰ এডিটেড ফটো আপলোড নকৰে। বেছিভাগ ফটো ৪৮ঘণ্টাৰ ভিতৰত ক্লাউডৰ পৰা ডিলীট কৰি দিয়া হয়। কিন্তু কোম্পানীৰ প্ৰাইভেচী পলিচীত ক’তো ৪৮ঘণ্টাৰ ভিতৰত ক্লাউড চাৰ্ভাৰৰ পৰা ফটো ডিলীট কৰাৰ কথা কোৱা হোৱা নাই।

গতিকে এনেধৰণৰ বাহিৰা কোম্পানীৰ এপ ব্য়ৱহাৰৰ নকৰাই আমাৰ কাৰণে ভাল ।

No comments:

Post a Comment

close