ভায়েক ডুবিল পানীত আৰু ককায়েকে বনালে টিক টিক ভিডিঅ - Dimpu Baruah

Hot

Post Top Ad

Friday, July 12, 2019

ভায়েক ডুবিল পানীত আৰু ককায়েকে বনালে টিক টিক ভিডিঅ

হাইদৰাবাদৰ পৰা এনে এক আশ্বৰ্যকৰ খৱৰ আহিছে যিটো খৱৰ শুনি আপুনি আচম্বিত হৈ পৰিব । হাইদৰাবাৰ এখন সুৰু জানত গা ধুই থকা সময়ত টিক টক ভিডিঅ বনাই থাকোতে দুজন লোকৰ মৃত্যুৰ বাতৰি অহা বুলি গম পোৱা গৈছে । দুজনলোকৰ এজন নিজৰ খূৰাৰ লৰা বুলি গম পোৱা গৈছে যিজনে ভিডিঅটো বনাই আছিল ।

পুলিচে জনোৱা অনুসৰি নৰসম্হালু নামৰ ২৪ বছৰীয়া যুৱকজনৰ সৰু জানটোত গা ধুই থকা অৱস্থাত ডুবি যায় । সেই সময়ত তেখেতৰ খুৰাৰ লৰাই টিক টক ভিডিঅ বনাই আছিল । মন কৰিব লগীয়া যে নৰসম্হালুয়ে সাতুৰিব নাজানিছিল । বিপদ সন্মূখত দেখি টিক টক বনোৱা যুৱকজনে চিঞৰ বাখৰ লগায় । তেনেস্থলতে গাৱৰ ৰাইজে আহি লৰাজনৰ শব উদ্ধাৰ কৰে ।


ইফালে ঘটনাৰ আগত বনোৱা টিক টিক ভিডিঅ চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যিটো ভিডিঅত দুইজনকে পানীত ফুৰ্তি কৰা আৰু নাচি থকা অৱস্থাত দেখা গৈছে ।

উল্লেখযোগ্য় এই যে মোবাইল এপ টিক টক যুৱ প্ৰজন্মৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ উঠিছে । মানুহে ইয়াত ভিডিঅ বনোৱা আৰু চোৱাটো যথেষ্ট জনপ্ৰিয় হৈ উঠিছে । উল্লেখযোগ্য় এই যে যোৱা মাহত কৰ্ণাটকত এনে এক ঘটনা সন্মূখত আহিছিল যত এজন যুৱকে নিজৰ কলা পৰিদৰ্শন কৰি থাকোতে পৰি কামিহা‌ড় ভাঙি যায় আৰু চিকিৎসালয়ত ভৰ্তি কৰা সময়ত তেখেতৰ মৃত্যু হয় ।

No comments:

Post a Comment

close