অসমৰ বানপানীলৈ এইবাৰ সহায়ৰ হাত অমিতাভ বচ্চনৰ - Dimpu Baruah

Hot

Post Top Ad

Tuesday, July 23, 2019

অসমৰ বানপানীলৈ এইবাৰ সহায়ৰ হাত অমিতাভ বচ্চনৰ


  • কিছুদিন আগতে বলিউডৰ অভিনেতা অক্ষয় কুমাৰে অসমৰ সংহাৰী বানলৈ ১ কোটি টকা সহায় আগবঢ়াই সকলোৰে হৃদয় জিনিবলৈ সক্ষম হৈছিল ।
  • ইয়াৰ পাছতেই অসমৰ বানাক্ৰান্তক সাহায্যৰ বাবে এইবাৰ আগবাঢ়ি আহিছে বিগ বি অৰ্থাৎ অমিতাভ বচ্চন।
  • অসমৰ বানাক্ৰান্তৰ বাবে বলিউদৰ চুপাৰষ্টাৰ অভিনেতাগৰাকীয়ে আগবঢ়াইছে ৫১ লাখ টকা।
  • উল্লেখযোগ্য় এই যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত আৰ টি জি এছৰ দ্বাৰা জমা দিয়া হৈছে এই ধন।
  • এই বান সাহায্যৰ পাছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইট কৰি সমগ্ৰ অসমবাসীক খৱৰটো দিয়ে । 

  • টুইটাৰ যোগে  বিগ বি অমিতাভ বচ্চনক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
  • মনকৰিবলগীয়ে এই যে ইয়াৰ পূৰ্বে অসমৰ বানাক্ৰান্তৰ বাবে অক্ষয় কুমাৰে আগবঢ়াইছিল ১ কোটি টকা।কাজিৰঙাৰ বাবেও ১ কোটি টকা পৃথককৈ আগবঢ়াইছিল অক্ষয় কুমাৰে।

No comments:

Post a Comment

close