শিক্ষামন্ত্ৰীৰ ঘোষণা আৰু দিয়া নহয় ছাত্ৰীক স্কুটি - Dimpu Baruah

Latest Updates

Post Top Ad

Sunday, May 27, 2018

শিক্ষামন্ত্ৰীৰ ঘোষণা আৰু দিয়া নহয় ছাত্ৰীক স্কুটি

শিক্ষামন্ত্ৰীৰ ঘোষণা আৰু দিয়া নহয় ছাত্ৰীক স্কুটি : পৰিৱৰ্তনৰ নাম লৈ শাসনত অহা বিজেপি চৰকাৰৰ প্ৰতি ৰাইকৰ মোহভংগ হোৱাৰ সময়তেই নতুনকৈ হোৱা শিক্ষামন্ত্ৰীৰ এটা ঘোষণাই পুন: বিজেপি চৰকাৰে নিৰ্বাচনৰ আগত কৰা প্ৰতিশ্রতি সমুহৰ পৰা আতৰি অহাটো প্ৰমান কৰিছে | আপোনালোকৰ নিশ্চয় মনত নিৰ্বাচনী প্ৰচা্ৰৰ সময়ত হিমন্ত বিশ্বই দম্ভালি মৰা ঘোষণা " তৰুণ গগৈয়ে চাইকেল দিছিল, আমি স্কুটি দিম " | 


চতুৰ হিমন্তই প্ৰতিশ্ৰুতি এবা্ৰৰ বাবে ৰক্ষা কৰিলে নিশ্চয় কিন্তু তাতো আছিল চৰ্তাৱলী প্ৰযোজ্য় | কাৰণ তৰুণ গগৈই সকলোকে চাইকেল দিয়াৰ দৰে তেঁও সকলোকে স্কুটি দিয়া নাছিল , দিছিল মাথো ১০০০ গৰাকী ছাত্ৰীক | কিন্তু এইবাৰ সেই ১০০০ খনো স্কুটি দিবলৈ অপৰাগ নতুন শিক্ষামন্ত্ৰী |তাৰ পৰিবৰ্তে প্ৰদান কৰিব ১০০০০ চাইকেল ! এইদৰে বিজেপি চৰকাৰে ভংগ কৰা নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ দৰে ৰাইজৰো চৰকাৰৰ প্ৰতি মোহভংগ ঘটিছে |

No comments:

Post a Comment

close